ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।
বানত ককবকাইছে ৰাজ্যৰ প্ৰায় ২৬ খন জিলাৰ লাখ লাখ লোকে।
ডিমা হাচাও, হোজাই, কাছৰ আদিত বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ।
ইয়াৰ মাজতে বন্যাৰ্তৰ কাষত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল।
যমুনামুখৰ ৰাইজৰ কাষত উপস্থিত হৈ বহু সময় ধৰি বন্যাৰ্তক উদ্ধাৰ আৰু সাহায্য প্ৰদানত ব্যস্ত হৈ পৰে আজমল।
বন্যাৰ্তৰ কাষত উপস্থিত হৈ আজমলে কয়- ‘আমি প্ৰথমে মানুহ তাৰ পাছতহে ৰাজনৈতিক নেতা।’
অসহায় বন্যাৰ্ত, বানপীড়িত ৰাইজক লৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আল্লাহে যাতে সকলোকে বচাই ৰাখে তাৰে প্ৰাৰ্থনা কৰে।
উল্লেখ্য যে বানপানীৰ কবলত থকা অঞ্চল সমূহত যাওতে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা’আৰিফে দূখন নাৱৰে খাদ্য সামগ্ৰী লৈ যায়।









