ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰ শেহতীয়া এক অনুষ্ঠানে অসমত বিশেষ চৰ্চা লাভ কৰিছে।
অভিনেতা অমিতাভ বচ্চনে হোষ্ট কৰা শ্ব’টোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্বন্ধিত এক প্ৰশ্ন কৰা দেখা যায়।
যিটো প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে অংশগ্ৰহণকাৰীৰয়ে।
ইয়াৰ পিছতে ভাইৰেল হৈ পৰিছে অনুষ্ঠানটোৰ সেই বিশেষ মূহূৰ্তৰ ভিডিঅ’ ক্লিপ।
অংশগ্ৰহনকাৰীলৈ অমিতাভ বচ্চনে কৰা প্ৰশ্নটো হৈছে- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তলৰ কোনটৌ নামেৰে জনা যায়-
১)খুড়া ২)মামা ৩)কাকা ৪)বৰদেউতা ?
ইয়াৰ শুদ্ধ উত্তৰ ‘মামা’ বুলি কৈ অংশগ্ৰহনকাৰীয়ে লাভ কৰে ১০,০০০ টকা।
From Assam to KBC, supermama @himantabiswa rules everyone’s hearts!#Assam #KBC #HimantaBiswa #Mama pic.twitter.com/Kpjmfw09rU
— SuperMama HBS (@SuperMamaHBS) September 6, 2021









