নিচা খাবলৈ ধন নিদিয়াৰ বাবেই মহনগৰীত ব্লেডেৰে ৰেপিলে এজনক, দেহত ৪৪টা চিলাই…

গুৱহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

এইবাৰ নিচা খাবলৈ ধন নিদিয়াৰ বাবেই মহনগৰীত ব্লেডেৰে ৰেপিলে এজন ব্যৱসায়ীক।

দেওবাৰে বিয়লি মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল গীতামন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, মোজাহিদ আলী নামৰ ব্যৱসায়ীগৰাকীয়ে নিজৰ  কাৰ ৱাচিং চেন্টাৰত বহি থকাৰ সময়তে ধন বিচাৰি আহিছিল দুই যুৱক ক্ৰমে অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা৷

নিচাসক্ত দুই যুৱকে বিচৰা ধন দিবলৈ অমান্তি হোৱাত ব্লেডেৰে আক্ৰমণ কৰে ব্যৱসায়ী মোজাহিদ আলীক৷

আঘাতপ্ৰাপ্ত আলীক লগে লগে ভৰ্ত্তি কৰোৱা হয় এখন ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

ডিঙি,বুকু,পিঠিত কৰা আক্ৰমণত ৪৪টাকৈ চিলাই পৰে মোজাহিদৰ দেহৰ বিভিন্ন অংশত।

সম্প্ৰতি KGMT Hospital ত চিকিৎসাধীন হৈ আছে মোজাহিদ।

আনহাতে নিশাই আক্ৰমণকাৰী অংকুৰ শৰ্মাক গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও পলাতক আনজন অভিযুক্ত জিতুমণি শৰ্মা৷

ৱাচিং চেন্টাৰটোত কৰ্মৰত কৰ্মচাৰীসকলৰ অভিযোগ পূৰ্বেও নিচাসক্ত তিনি ভাতৃ ক্ৰমে অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহি অত্যাচাৰ কৰে।

Leave a Comment