আন্তঃৰাষ্ট্ৰীয়অসমীয়াখেল

পথ দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰু চাইমণ্ডছৰ

নিউজ ডেস্ক। শ্বেন ৱাৰ্ণৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰৰ অকাল মৃত্যু।

শনিবাৰে নিশা দেশখনৰ টাউনছভিলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত এক পথ দুৰ্ঘটনাত ৪৬ বছৰ বয়সত মৃত্যু হয় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ এণ্ড্ৰু চাইমণ্ডছৰ।

p1 9

কুইন্সলেণ্ড আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, হাৰ্ভি ৰেঞ্জ ৰোডত একক পথ দুৰ্ঘটনা সংঘটিত হয়।

নিশা ১১ মান বজাত এখন ব্যক্তিগত বাহন এলিছ ৰিভাৰ ব্ৰীজৰ ওচৰত হাৰ্ভি ৰেঞ্জ ৰোডত দুৰ্ঘটনাত পতিত হয় য’ত এণ্ড্ৰু চাইমণ্ডছৰ মৃত্যু হয়।

FSw5IblaAAAnhf2

দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই জৰুৰীকালীন সেৱাই গাড়ীখনত থকা অকলে থকা চাইমণ্ডছৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও তেওঁৰ প্ৰাণৰক্ষা সম্ভৱ নহয়।

এই ঘটনাই অষ্ট্ৰেলিয়াৰ লগতে সমগ্ৰ বিশ্বৰে ক্ৰিকেট অনুৰাগীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে ছাইমণ্ডছে ১৯৯৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ হৈ ২৬ খন টেষ্ট, ১৯৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ১৪ খন টি-২০ খেল খেলিছিল।

লগতে চাওকঃ

আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাসৰ মৃত্যু, ‘অমৰ মৃতক’ ঘোষণা আলফা(স্বাঃ)ৰ…

783

Leave a Reply

Your email address will not be published. Required fields are marked *