অসম

মন্ত্ৰী সঞ্জয় কিষানক অপৰাধী ঘোষণা আলফা(স্বাঃ)ৰ, দিলে কঠোৰ সকীয়নি…

বিজু গগৈৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী সঞ্জয় কিষাণে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীন)-এ।

সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি আলফা স্বাধীনে কয়, ‘বিজু গগৈৰ মৃত্যু সন্দৰ্ভত আমাৰ সংগঠনৰ তৰফৰ পৰা স্পষ্ট তথ্য-প্রমাণ অসমৰ থলগিৰি সংগ্ৰামী জনগণৰ জ্ঞাতাৰ্থে ৰাজহুৱা কৰা হৈছে।’

image 22

‘আমি ৰাজহুৱা কৰা তথ্য-প্রমাণক প্রত্যাহ্বান জনাই বিজু গগৈৰ পৰিয়ালৰ কোনোৱে অধিক প্রমাণ বিচাৰিলে সেয়া আমি দিবলৈ প্ৰস্তুত বুলি ৰাইজক অৱগত কৰাৰ পিছতো তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই কোনোধৰণৰ সত্যাসত্য বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত অসমৰ হেৰুওৱা স্বাধীনতা পুনৰোদ্ধাৰৰ বাবে যোৱা চাৰি দশক ধৰি সশস্ত্র বিপ্লৱ অব্যাহত ৰখা সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ সন্মানীয় সভাপতি মহাশয়ৰ বিৰুদ্ধে ‘মিছলীয়া’ শব্দৰ প্ৰয়োগেৰে অপমানসূচক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।’

‘তেখেতৰ লগতে আমাৰ সংগঠনৰ ভাবমূৰ্তিৰ আঘাত সনা কাৰ্যক আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ। সেয়েহে আমি ইয়াৰ তীব্র প্রতিবাদ কৰি তেখেতৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰিছোঁ।’

‘গতিকে তেখেতে তেখেতৰ অপৰাধৰ বাবে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ ওচৰত যদি ক্ষমা-প্ৰাৰ্থনা নিবিচাৰে, তেন্তে সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক নিষিদ্ধ ঘোষণা কৰা হ’ব।’

image 23

‘ইয়াৰ সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষাণৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্যাৱলীত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিবলৈ এই বিবৃতিৰ যোগে আহ্বান জনালোঁ।’

‘ইয়াৰ বিপৰীতে কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে তেখেতসকলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব। তাৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠন কোনো প্ৰকাৰে দায়ী নহয়।’

উল্লেখ্য বিজু গগৈৰ মৃত্যুক লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে কৈছিল যে, ‘পৰেশ বৰুৱাই আগতেও বহুত মিছা কথা কৈছে। পৰেশ বৰুৱাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে। ইমানদিনে অসমৰ ৰাইজে তেওঁৰ কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেয়ে তেওঁৰ বিষয়ে আৰু কোৱাৰ একো প্ৰয়োজন নাই।’

লগতে চাওকঃ

সকীয়নিৰ পিছতে পৰেশ বৰুৱাক ক্ষমা প্ৰাৰ্থনা মন্ত্ৰী সঞ্জয় কিষাণৰ

G2 11

Leave a Reply

Your email address will not be published. Required fields are marked *