ফেচবুকত আলফা (স্বাঃ)ক সমৰ্থন জনাই প’ষ্ট দি আৰক্ষীৰ জালত NSUI-ৰ সদস্য।
হোজাইৰ মোৰাঝাৰ ইউনিটৰ NSUIৰ সদস্য আব্দুল ইষ্টাকক শনিবাৰে মোৰাঝাৰ অঞ্চলৰ হাতীখালীৰ পৰা গ্ৰেপ্তাৰ কৰে হোজাই আৰক্ষীয়ে।
হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়ত অধ্যয়নৰত আব্দুল ইষ্টাকে ফেচবুকত লিখিছিল- ‘ULFA আছে বাবেই আজি অসম আৰু অসমীয়া জাতিৰ সকলো জীয়াই আছে। নহ’লে কেতিয়াবাই সকলো নিশেষ হই গ’লে হেতেন’।

জানিব পৰা মতে, হোজাই আৰক্ষীৰ শীৰ্ষ বিষয়াই বৰ্তমান আব্দুল ইষ্টাকক সোধা পোচা কৰি আছে।
উল্লেখ্য যে বিগত কিছুমাহৰ পৰা ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফা (স্বাঃ)ৰ প্ৰতি আকৰ্ষিত হৈ সংগঠনটোত যোগদান কৰাৰ খবৰে সচেতন মহলৰ লগতে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক অধিক চিন্তিত কৰি তুলিছে।









