ৰাষ্ট্ৰীয়

ৰাজীৱ কুমাৰ হ’ব দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত, ১৫ মে’ত ল’ব দায়িত্ব…

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে ৰাজীৱ কুমাৰ নিযুক্তি।

১৫ মে’ত দায়িত্ব গ্ৰহণ কৰিব ৰাজীৱ কুমাৰে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুখ্য নিৰ্বাচন আযুক্ত হিচাপে নিযুক্তি দিয়ে ৰাজীৱ কুমাৰক।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে সদৰি কৰিছে এই কথা।

সুশীল চন্দ্রৰ স্থলাভিষিক্ত হ’ব ৰাজীৱ কুমাৰ।

১৪ মে’ত অৱসৰ ল’ব বৰ্তমানৰ মুখ্য নিৰ্বাচন আযুক্ত সুশীল চন্দ্ৰই।

ৰাজীৱ কুমাৰ ১৯৮৪ বেচ্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।

Image

২০২০ চনৰ ১ ছেপ্টেম্বৰত তেওঁ নিৰ্বাচন আয়োগত নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

১৯৬০ চনৰ ১৯ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা ৰাজীৱ কুমাৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন মন্ত্ৰালয়ত কাম কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *