অসম

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা…

ঘোষণা হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন।

পৰিষদখনৰ মুঠ ২৬টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মে’।

আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৬ মে’।

image 15

পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ভোটদান চলিব আবেলি ৪ বাজি ৩০ মিনিটলৈ।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ভোটাৰ ৭ লাখ ৩ হাজাৰ ৯৮জন। 

মুঠ ৯০৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

১২ জুনত হ’ব ভোটগণনা।

Leave a Reply

Your email address will not be published. Required fields are marked *