মুখ্যমন্ত্ৰী- ক্ৰীড়ামন্ত্ৰীক সাক্ষাৎ জন আব্ৰাহামৰ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নক লৈ চৰ্চা

নিউজ ডেস্ক। বলিউডৰ অভিনেতা জন আব্রাহামে বৃহস্পতিবাৰে অসম সচিবালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰে।

তেওঁলোকে অসমত এখন ফুটবল একাডেমি স্থাপনকে ধৰি ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে।

মুখ্যমন্ত্ৰীৰ কার্যালয়ে এই কথা প্ৰকাশ কৰিছে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাজনৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।

বৈঠকত ক্রীড়া মন্ত্রী বিমল বৰাও উপস্থিত আছিল।

Leave a Comment