অসম

দুটা ভাগত বিভক্ত হ’ল ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যণ বিভাগ…

দুটা ভাগত বিভক্ত হ’ল ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যণ বিভাগ।

এতিয়াৰে পৰা এটা বিভাগ হ’ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ।

আনহাতে আনটো বিভাগ হ’ব চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।

image 7

নিৰ্দেশনা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত থাকিব স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ), আয়ুস সঞ্চালকালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, খাদ্য সুৰক্ষা আৰু ড্ৰাগছ প্ৰশাসন, অসম ৰাজ্যিক এইডচ নিয়ন্ত্রণ সমিতি আৰু সকলো নাৰ্চিং স্কুল।

আনহাতে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত থাকিব চিকিৎসা শিক্ষা সঞ্চালকালয়, সকলো মেডিকেল কলেজ আৰু হাস্পতাল, ডেণ্টেল কলেজ, নাৰ্চিং কলেজ, ফাৰ্মাছী আৰু পেৰা মেডিকেল প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী আয়ুৰ্বেদিক আৰু হেমিঅ’পেথি কলেজ, আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন।

তদুপৰি থাকিব অটল অমৃত অভিযান চ’ছাইটি, প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা, ৰাজ্যিক কৰ্মচাৰীৰ স্বাস্থ্য আঁচনি, আসাম হেল্থ চিষ্টেম ষ্ট্ৰেনথেনিং প্ৰজেক্ট চ’ছাইটি, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ লগতে মেডিকেল শিক্ষা আৰু গৱেষণা সম্পৰ্কীয় সকলো প্ৰতিষ্ঠান।

Leave a Reply

Your email address will not be published. Required fields are marked *