নিউজ ডেস্ক। অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধৰ এই ভয়াবহ সময়ত প্ৰাণ হেৰুৱাইছে হাজাৰ হাজাৰ লোকে।
আনহাতে চিৰদিনৰ বাবে ঘূণীয়া হৈ যুদ্ধৰ বিভীষিকা চিৰদিন কঢ়িয়াই ফুৰিবলগীয়া হৈছে অনেক লোকে। তেনে এগৰাকী যুৱতীয়েই হৈছে ২৩ বৰ্ষীয় ওকছানা!
লিচিচানস্কৰ নিৱাসী ওকছানা পেছাত এগৰাকী নাৰ্ছ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভীষণ বিভীষিকাৰ পৰা ৰক্ষা নপৰিল ওকছানাও।

যোৱা ২৭ মাৰ্চত ওকাছানাৰ ঠিক ভৰিৰ কাষতে বিস্ফোৰণ ঘটিছিল এটা লেণ্ডমাইন। যাৰ ফলত ওকাছানা দুয়োখন ভৰিৰ লগতে বাওখন হাতৰ চাৰিটা আঙুলি চিৰদিনৰ বাবে হেৰুৱায় পেলায়।

নিমিষতে যেন অন্ধকাৰে ছানি ধৰিছিল ওকছানাৰ চৌদিশ। আনৰ শুশ্ৰুষাত ব্ৰতী ওকছানা এতিয়া নিজেই হৈ পৰিছিল শয্যাগত। যুদ্ধই তেওঁৰ জীৱনলৈ নমাই অনা অভিশাপে হৃদয়ৰ পৰা ক্ৰমাৎ মাৰি নিছিল যুৱতীগৰাকীক।

কিন্তু ওকছানাৰ এনে দুৰ্বিসহ সময়তো তেওঁৰ কাষত অনবৰতে থিয় হৈ আছিল প্ৰেমিক ভিক্টৰ। প্ৰকৃত ভালপোৱা হয়তো এয়াই। ভিক্টৰে প্ৰতিপল ওকছানাক অনুভৱ কৰাব বিচাৰিছিল যে তেওঁ ভিক্টৰৰ বাবে কিমান প্ৰয়োজন।
আৰু সেইবাবেই হাস্পতালতে বিবাশ পাশত আৱদ্ধ হয় ভিক্টৰ আৰু ওকছানা। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দুয়োৰে বিয়াৰ এটা ভিডিঅ’। য’ত ভিক্টৰে ওকছানাক কোলাত লৈ নাছি থকা গৈছে। হাস্পতালৰ অন্য ৰোগী সকলেও তেওঁলোকৰ এই বিশেষ মুহূৰ্তটোত আনন্দ ব্যক্ত কৰিছে।
লভিভ মেডিকেল এছ’চিয়েশ্যনে এক বিবৃ্ত্তিত প্ৰকাশ কৰা মতে, ওকছানা ভিক্টৰৰ সৈতে ঘৰলৈ গৈ আছিল। সেই সময়তে ওকছানাই ভুলবশতঃ ভৰি দিয়ে এটা লেণ্ডমাইনত।

তেওঁ ভিক্টৰক লেণ্ডমাইনৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ পূৰ্বেই লেণ্ডমাইনটো বিস্ফোৰণ ঘটে আৰু দুয়োখন ভৰি হেৰুৱায় পেলায় যুৱতীগৰাকীয়ে। ওকছানাৰ চিকিৎসকৰ দ্বাৰা চাৰিটা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। প্ৰষ্টেচিছ প্ৰয়োগ কৰাৰ পিছত, নৱবিবাহিত দম্পতীহালক লভিভলৈ লৈ যোৱা হ’ব।
❤️🇺🇦 Very special lovestory.
— Verkhovna Rada of Ukraine – Ukrainian Parliament (@ua_parliament) May 2, 2022
A nurse from Lysychansk, who has lost both legs on a russian mine, got married in Lviv. On March 27, Victor and Oksana were coming back home, when a russian mine exploded. The man was not injured, but Oksana’s both legs were torn off by the explosion. pic.twitter.com/X1AQNwKwyu
জানিব পৰা মতে, ওকছানা আৰু ভিক্টৰ যোৱা ছয় বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ঠিক পূৰ্বেই দুয়োজনে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। আৰু সেই সিদ্ধান্ত অনুসৰিয়েই অৱশেষত দুয়োজনে বিবাহ পাশত আৱদ্ধ হয়। অৱশ্যে এই বিবাহ কোনো গীৰ্জাঘৰ বা সুসজ্জিত বিবাহ থলীত সম্পন্ন হোৱাৰ বিপৰীতে সম্পন্ন হয় এখন সাধাৰণ হাস্পতালত।

ইউক্ৰেইনৰ সংসদেও টুইটযোগে ওকছানা আৰু ভিক্টৰৰ বিশেষ প্ৰেমকাহিনী শ্বেয়াৰ কৰি দুয়োকে তেওঁলোকৰ বিয়াৰ শুভেচ্ছা জনাইছে।
লগতে চাওকঃ
মৰ্মান্তিক! জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ আত্মীয়ৰ ঘৰত মৃত্যু মাতৃৰ










