অসম

বড়ো সাহিত্য সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাঃ একাদশ আৰু দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম

উদুলি মুদুলি গৌজন পথাৰ।

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ মূল সভাত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

অধিৱেশনস্থলিত উপস্থিত আছে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মেঘালয় আৰু ছিকিমৰ দুই মুখ্যমন্ত্ৰী।

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো ভাষা আৰু জনগোষ্ঠীটোৰ বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে

একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম।

স্নাতকোত্তৰ পৰ্যায়লৈ নিয়া হ’ব বড়ো ভাষাক।

প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়।

এই কাৰ্যালয়সমূহ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব।ইয়াৰ বাবে প্ৰতি বছৰে অসম চৰকাৰে দিব ৫০ লাখকৈ টকা।

ইয়াৰ উপৰিও বড়ো সাহিত্য সভালৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটিৰ ঘোষণা।

ইফালে পূৰ্বে অসম ভ্ৰমণ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাত এলিভেটড কৰিডৰ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছিল।

ৰাষ্ট্ৰপতিৰ সেই পৰামৰ্শক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত আলোচনা কৰি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে। ইতিমধ্যে এই সম্পৰ্কে আলোচনা হৈছে।

এই এলিভেটেড কৰিডৰ হ’ব ২২ কিলোমিটাৰ দৈৰ্ঘৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *