ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
মঙ্গলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসম চৰকাৰ কেবিনেট বৈঠক।
বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলত বৈঠকৰ কেইবাটাও সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
কেশৱ মহন্তই উল্লেখ কৰা অনুসৰি কেবিনেটে PMAY Urbanৰ হিতাধিকাৰীলৈ অতিৰিক্ত ১০হাজাৰ টকা অনুমোদন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুঠ ১,১৬,৩৮০ টা ঘৰলৈ এই অনুমোদন আগবঢ়োৱা হ’ব।
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ’ল- TATA টেকন’লজীৰ সৈতে মিলি অসম চৰকাৰে নিৰ্মাণ কৰিব ৩৪খন পলিটেকনিক আৰু ৪৩খন ITI৷ খৰছ হ’ব মুঠ ২৩৯০ কোটি টকা আৰু ইয়াৰে ৮৭% খৰছ বহন কৰিব TATA টেকন’লজীয়ে৷ বাকী টকা খৰছ কৰিব অসম চৰকাৰে৷
ইয়াৰ দ্বাৰা প্ৰতিবছৰে ২০ হাজাৰ দক্ষতাসম্পন্ন যুৱক-যুৱতী লাভান্বিত হ’ব৷
ইফালে নগাঁও, কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮ কোটি ৭৫লাখ টকা মুকলি কৰা হৈছে। ইয়াৰে ১০০জনক চাকৰি দিয়াৰ বাবে চেষ্টা চলাই থকা হৈছে। কেবিনেটে এসপ্তাহৰ ভিতৰত পূৰ্বে দিয়া এই প্রতিশ্রুতি ৰক্ষাৰ চেষ্টা কৰিব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে শুৱালকুছি, পলাশবাৰী সংযোগী দলঙৰ বাবে ৩১৯৭ কোটি প্রশাসনিক অনুমোদন আগবঢ়োৱা হৈছে। এই দলংখন চাৰিলেনযুক্ত হ’ব আৰু ইয়াৰ দৈৰ্ঘ্য হ’ব ৪.০৮ কিলোমিটাৰ৷
ইয়াৰ উপৰিও ‘নৌ পৰিবহণ সেৱা সুচল কৰাৰ বাবে নতুন কোম্পানী গঠন’ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে Terminal & River Infrastructure লৈ ২৮৯ কোটি ৪৫লাখ টকা অনুমোদন জনোৱা হৈছে। উন্নতমানৰ ঘাট উন্নয়নৰ বাবে এই অনুমোদন জনোৱা হৈছে।
চহৰাঞ্চলত নিৰ্মাণ হৈ থকা এক লাখ ১৬ হাজাৰ ৩৮০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে সা-সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত দহ হাজাৰ কৈ টকা আগবঢ়োৱাৰো সিদ্ধান্ত লয় ড° শৰ্মাৰ কেবিনেটে৷
লগতে গুৱাহাটী গেটৱে ঘাটৰ আন্তঃগাঠনি উন্নয়নৰ বাবে অতিৰিক্ত ২৮৯.৪৫ কোটি টকাৰ অনুমোদন দিয়ে৷
ইপিনে মহাৰাষ্ট্ৰত অসম কমপ্লেক্স নিৰ্মাণ কৰা আৰু Assam Inland Waterways Limited নামৰ এটা প্ৰতিষ্ঠান গঠনৰ সিদ্ধান্তও লোৱা হয়৷









