ঈদৰ আনন্দৰ মাজতে শোকাৱহ ঘটনা! দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শ্বহিদুল আৰু শ্বাহ মামুদে…

ঈদৰ আনন্দৰ মাজতে শোকাৱহ পথ দুৰ্ঘটনা।

এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শ্বহিদুল আৰু শ্বাহ মামুদ নামৰ দুই যুৱকে।

গোৱালপাৰাৰ নেপালী খুঁটিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আনহাতে এই দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে।

দুখন মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

আহত কেইজন হৈছে ক্ৰমে, আনোৱাৰ হুছেইন, আজম আলী আৰু ফাৰুক আব্দুল্লাহ।

ইয়াৰে আহত আনোৱাৰ হুছেইন আৰু আজম আলীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

ঈদৰ আনন্দৰ মাজতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Leave a Comment