আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউণ্ট ডাউন আৰম্ভ।
আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত আয়োজন কৰিছে ‘যোগ উৎসৱ’।
২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনীয়া কাউণ্ট ডাউনৰ আজি ৫০তম দিন। ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ উৎসৱ।
পুৱা ৬ বজাৰ পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ, গৌৰী দৌল, থাউৰা দৌল চৌহদত ৰূপায়ন কৰা হৈছে যোগ অনুশীলন কাৰ্যসূচী।
মূল কাৰ্যসূচী ৰূপায়ন কৰা ঐতিহাসিক শিৱদৌলৰ চৌহদ আৰু সমীপৱৰ্তী এলেকাত একেলগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীসহ ৭ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।
অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘যোগ আমাৰ পৰম বন্ধু। যোগক অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্য আন্তৰ্জাতিক যোগ দিৱসৰ কাউণ্ট ডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জীৱনশৈলী সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে যোগে গুৰুত্বপূৰ্ণ ভূমিকা লয়। যোগ হৈছে সক্ষমতা আৰু মানসিক প্ৰশান্তি লাভৰ প্ৰধান পথ।’
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘যোগ দিৱস বিশেষভাৱে আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল। এইবাৰ যোগ দিৱসৰ অষ্টম বছৰ হ’ব। স্বাধীনতাৰ ৭৫ বছৰত ভাৰতে গৌৰাৱান্বিত কামসমূহ সোঁৱৰণ কৰিব লাগে। পৰ্যটন ক্ষেত্ৰসমূহৰ গুণানুকীৰ্তন কৰি সকলোৰে আগত ডাঙি ধাৰাৰ প্ৰয়াস কৰিব লাগে। এই যোগ দিৱসৰ জড়িয়তে শিৱসাগৰৰ গুৰুত্ব আৰু কৰ্তব্য ডাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে। এই অনুষ্ঠানটো নিষ্ঠাৰে সকলো কাম সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজে সকলোকে নিৰ্দেশ প্ৰদান কৰিছে। সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে যোগ প্ৰয়োজন।’









