অসম

ক্ষমা কৰিব, আমি বিহু মঞ্চত হিন্দী গীত নাগাওঃ প্ৰিয়ংকা ভৰালী…

বিহু মঞ্চত শিল্পীয়ে হিন্দী গীত পৰিৱেশন কৰাক লৈ বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে বিভিন্ন বিতৰ্কৰ।

তাৰ মাজতে একাংশ শিল্পীয়ে বিহু মঞ্চত পৰিৱেশন কৰি আহিছে হিন্দী গীত।

কিন্তু এইবাৰ বিহু মঞ্চত হিন্দী গীত গাবলৈ দিয়া দৰ্শকৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।

তেওঁ দৰ্শকক উদ্দেশ্যি কয়- আমি দুঃখিত যে, আমি বিহুৰ মঞ্চত হিন্দী গীত নাগাও।একেবাৰে বেয়া নাপাব। কেতিয়াবা বেলেগ অনুষ্ঠানত আহিলে গাম বাৰু। মই গাব নোৱাৰিম, ক্ষমা কৰিব ৰাইজসকল।

উল্লেখ্য যে, এখন বিহু মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে প্ৰিয়ংকালৈ ‘চেপ্তাৰ-২’ গোৱা হিন্দী গীতটো গাবলৈ অনুৰোধ আহিছিল।

তেতিয়াই উপস্থিত দৰ্শকৰ ওচৰত ক্ষমা বিচাৰি হিন্দী গীত নাগাও বুলি কয় জনপ্ৰিয় শিল্পীগৰাকীয়ে।

অৱশ্যে প্ৰিয়ংকা ভৰালীৰ এই সিদ্ধান্তক হাত চাপৰিৰে সমৰ্থনো জনাইছে উপস্থিত দৰ্শকে।

Leave a Reply

Your email address will not be published. Required fields are marked *