নিউজ ডেস্কঃ ৭ বছৰ পূৰ্বে পিতৃয়ে এদিন খঙতে কৈছিল- ‘যা, বাংলাদেশলৈ গুচি যা…।’
পিতৃৰ এই কথাৰ পিছতে খং, অভিমানত ঘৰৰ পৰা ওলাই আহিছিল ১৫ বছৰীয়া কিশোৰজনে। ৰে’ল ষ্টেছনত কিশোৰজনে এখন ৰে’লত উঠাৰ সময়ত যেতিয়া ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত কিশোৰজনক ক’লৈ যাব বুলি প্ৰশ্ন কৰিছিল, তেতিয়াও মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰজনে কৈছিল- ‘মই বাংলাদেশলৈ যাম।’
ইয়াৰ পৰৱৰ্তী সময়ত সুদীৰ্ঘ ৭ বছৰ শিলচৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থাকিল সেই কিশোৰজন। এতিয়া তেওঁৰ বয়স ২২ বছৰ। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত সুদীৰ্ঘ ৭ বছৰ বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হোৱা যুৱকজন যে প্ৰকৃততে ভাৰতীয় নাগৰিক, সেই কথা এতিয়া প্ৰমাণ হোৱাৰ পিছত আদালতে যুৱকজনক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে।
দৰাচলতে এই ঘটনা অসমৰ। জানিব পৰা মতে, গুৱাহাটীৰ এখন দোকানত সহায়ক হিচাপে কাম কৰা এজন ব্যক্তিৰ ১৫ বছৰীয়া পুত্ৰক ৭ বছৰ পূৰ্বে খঙতে ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল পিতৃয়ে। তাৰ পিছতে গুৱাহাটী ৰে’ল ষ্টেছনত এখন ৰে’লত উঠাৰ সময়ত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত ৰে’ল আৰক্ষীয়ে আটক কৰে কিশোৰজনক।

মানসিকভাৱে অসুস্থ কিশোৰজনে ভাৰতীয় নাগৰিক হোৱাৰ তথ্য-প্ৰমাণ দাখিল কৰাত অসমৰ্থ হোৱাত ২০১৬ চনৰ ২১ জানুৱাৰীত কৰিমগঞ্জ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক বিদেশী বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত কিশোৰজনক শিলচৰৰ ডিটেনশ্যন কেম্পত ৰখা হয়। কৰ্তৃপক্ষই কিশোৰজনক দুবাৰ বাংলাদেশলৈ বিতাড়নৰ চেষ্টা কৰে যদিও কিশোৰজনৰ নাাগৰিকত্ব নিশ্চিত নোহোৱাত ঢাকাইও কিশোৰজনক নিজ দেশত ৰাখিবলৈ অস্বীকাৰ কৰে।
ইফালে এই ঘটনাৰ প্ৰায় এবছৰ পিছত শিলচৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ কোনোবা এজনে ফোন কৰি কিশোৰজনৰ পিতৃক সমস্ত ঘটনা অৱগত কৰে। ইয়াৰ পিছতে পিতৃয়ে সন্তানক ঘূৰাই পাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ চেষ্টা চলায় যদিও প্ৰতিটো শুনানিৰ বাবে অধিবক্তাই ১ লাখ টকাকৈ বিচৰাত আৰ্থিক সমস্যাৰ বাবে থমকি ৰ’বলগীয়া হয় পৰিয়ালটো।
সেই সময়তে পৰিয়ালৰ কাষত দেৱদূতৰূপে থিয় হয় পি আগৰৱাল নামৰ এগৰাকী অধিবক্তা। বাংলাদেশী নাগৰিক হোৱাৰ সন্দেহত কাৰাবন্দী পুত্ৰৰ হৈ অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ত পৃথকে আবেদন দাখিল কৰাত ন্যায়ালয়ৰ বিচাৰপীঠে কাছাৰ আৰু কামৰূপ দুয়োখন জিলাৰ জিলা আইনী সেৱা প্ৰাধিকৰণক যুৱকজন আবেদনকাৰীৰ পুত্ৰ হয় নে নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছত যুৱকজনৰ মাতৃয়ে আদালতত পুত্ৰৰ তথ্য-প্ৰমাণৰ বিষয়ে অৱগত কৰাত যুৱকজন ভাৰতীয় নাগৰিক বুলি নিশ্চিত কৰি মুকলি কৰাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

কিন্তু সাধাৰণ এটা ভুলৰ বাবে এনেদৰে এজন লোকে ৭ বছৰ কাৰাবন্দী হৈ থাকিবলগীয়া হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। বিভাগৰ ব্যৰ্থতা তথা পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে এজন ব্যক্তিৰ জীৱনৰ মূল্যবান ৭ বছৰ নষ্ট হোৱাৰ ঘটনাই উদঙাইছে স্বাৰ্থলোভী সমাজৰ প্ৰকৃত স্বৰূপো।
সমগ্ৰ বিষয়টোত পৰিয়ালটোক সমৰ্থন কৰা সমাজকৰ্মী সাধন পুৰকায়স্থই কয় যে অসমীয়া যুৱকজনক বিদেশী হিচাপে দোষী সাব্যস্ত কৰা আৰু বাংলাদেশী নাগৰিক হিচাপে শ্ৰেণীবদ্ধ হোৱাটোৱে সমগ্ৰ ব্যৱস্থাটোৰ বিফলতা প্ৰদৰ্শন কৰে।
তেওঁ কয়, “এই পৰিয়ালটোৱে মানৱ অধিকাৰ আয়োগ আৰু বহুতো লোকৰ পৰা সহায় বিচাৰিছিল। কিন্তু কোনেও তেওঁলোকৰ কাষত থিয় হোৱা নাছিল। তেওঁলোক আৰ্থিকভাৱে দুৰ্বল আৰু যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা বাবে সকলোৱে উপেক্ষা কৰিছিল। এই কথাই এয়াই প্ৰমাণ কৰে যে আমি এখন সমাজ হিচাপে কিমান অক্ষম।”
উচ্চ ন্যায়ালয়ে ২০২২ চনৰ ৫ মে’ত যুৱকজনক বিদেশী ঘোষণা কৰাৰ আদেশক প্ৰত্যাহ্বান জনাই ন্যূনতম আবেদনৰ শুনানি গ্ৰহণ কৰিব।









