গোৱালপাৰা বাসীৰ বাবে এক ভাল খবৰ।
চলিত বছৰৰ পৰাই আৰম্ভ হ’ব প্ৰস্তাৱিত গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কামকাজ।
শুক্ৰবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গোৱালপাৰাত উপস্থিত হৈ এই কথা সদৰি কৰে।
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে গোৱালপাৰা চহৰৰ সমীপৱৰ্তী গোবিন্দপুৰত এডোখৰ ভূমি পৰিদৰ্শন কৰে।
ভূমি পৰিদৰ্শন কৰি তেওঁ কয় যে, গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে চলিত বছৰটোতে মাটি নিৰ্ধাৰণ, পুঁজি আবন্টন, নক্সা আদিৰ কাম কাজ কৰা হব।
তেওঁ এই সম্পৰ্কে জিলা উপায়ুক্তৰ লগতে আন আন প্রশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা মিলিত হয়।









