অসম

বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যত বিষক্ৰিয়া, শিশু-মহিলাসহ শতাধিক অসুস্থ…

হাজোৰ বামুন্দীত বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যত বিষক্ৰীয়া।

বিষক্ৰীয়াৰ ফলত অসুস্থ হৈ পৰিছে ২০০ তকৈ অধিক লোক।

ইয়াৰে প্ৰায় ৪০ জন বৰ্তমানো চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত।

অসুষ্ঠ লোকসকলক ভৰ্তি কৰা হৈছে শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত।

অসুস্থ সকলৰ ভিতৰত আছে কেইবাজনো শিশু।

বিয়াৰ অভৰ্থ্যনা অনুষ্ঠানৰ খাদ্য খোৱাৰ পিচতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বামুন্দিৰ শংকৰ দাসৰ পৰিয়ালৰ বিবাহ অনুষ্ঠানত সংঘটিত হৈছে এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *