দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা

নিউজ ডেস্ক। দেশত এতিয়া কিমান সুৰক্ষিত আপুনি? চাৰি দেৱালৰ ভিতৰত সোমাই যদি আপুনি নিজে আৰু আপোনাৰ পৰিয়ালটো সুৰক্ষিত থকা বুলি ভাৱি আছে, তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো কাইলৈ যদি কোনোবাই আপোনাক হিন্দু বিৰোধী সজাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণো কৰে, তেন্তে আপুনি ভুলতো এই কথা ভৱা উচিত নহয় যে দোষীয়ে শাস্তি পাব।

বৰং আপোনাক কৰা আক্ৰমণত দেখুওৱা বীৰত্বৰ বাবে অভিযুক্তক সন্মানিত কৰাহে হব পাৰে।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত দুস্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ ঠিক নহয়, প্ৰমাণ হৈছিল একাংশ গেৰুৱা বস্ত্ৰ পৰিহিতই চলাইছিল এই আক্ৰমণ।

G2 16
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা 5

ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল যদিও অৱশেষত অভিযুক্ত আটাইকেইজনে জামিন লাভ কৰিবলৈ সক্ষম হয়।

আৰু তাৰ পিছতে ফুলৰ মালা পিন্ধাই অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ চলোৱা অভিযুক্ত কেইজন সন্মানিত কৰে দিল্লী বিজেপিয়ে।

p1 15
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা 6

দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই দলীয় কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত বিজেৱাইএমৰ সদস্যসকলক মালা পিন্ধাই আদৰণি জনোৱাৰ এখন ফটো নিজেই টুইটাৰত শ্বেয়াৰ কৰিছে। য’ত তেওঁ লিখিছে- “হিন্দু বিৰোধী কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে কাৰাগাৰত বন্দী হোৱা ৮জন বিজেৱাইএম কৰ্মীয়ে ১৪ দিনৰ পিছত আদালতৰ পৰা জামিন লাভ কৰে।

এই যুৱ বিপ্লৱীসকলক আজি দলীয় কাৰ্যালয়লৈ স্বাগতম জনাইছো। আমাৰ প্ৰতিজন কৰ্মীয়ে হিন্দু বিৰোধী শক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব।’’

বিজেপিয়ে জামিনত ওলাই অহা অভিযুক্ত কেইজনক জনোৱা এই আদৰণিয়ে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলতো। আপ নেতা আতিশীয়ে কয়, ‘বিজেপিয়ে সমগ্ৰ দেশৰ কৰ্মীসকলক এটা বাৰ্তা দিছে যে যদি তেওঁলোকেও গুণ্ডামি আৰু সম্পত্তি ধ্বংস কৰে, তেন্তে তেওঁলোককো সম্বৰ্ধনা জনোৱা হ’ব।’

p1 14
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা 7

উল্লেখ্য যে, ৩০ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী বাসগৃহৰ বাহিৰত প্ৰতিবাদ আৰু আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৮ জন অভিযুক্তক দিল্লী উচ্চ ন্যায়ালয়ে এই সপ্তাহৰ আৰম্ভণিতে জামিন প্ৰদান কৰে।

বিচাৰ আদালতৰ দ্বাৰা জামিন অস্বীকাৰ কৰাৰ পিছত সকলো অভিযুক্ত উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় আৰু অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হয়।

p2 9
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা 8

বিজেৱাইএমৰ সভাপতি তথা সাংসদ তেজস্বী সূৰ্যই কেজৰিৱালৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ ফটো, ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে।

কেজৰিৱালে ‘কাশ্মীৰ ফাইলছ’ বোলছবিখনৰ ওপৰত কৰা মন্তব্যৰ পিছতে তেওঁৰ বাসগৃহত আক্ৰমণ চলাইছিল বিজেৱাইএমৰ সদস্যসকলে।

Leave a Comment