ভয়াৱহ পথ দুৰ্ঘটনাত ১২ তীৰ্থযাত্ৰীৰ শােকাৱহ মৃত্যু, আহত ৬

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেইলাৰ আৰু ক্ৰুইজাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় ১২ জন তীৰ্থযাত্ৰী।

এই ঘটনা সংঘটিত হয় মংগলবাৰে পুৱা ৰাজস্থানৰ নাগৌৰ জিলাৰ শ্ৰীবালাজী এলেকা।

জানিব পৰা মতে, ট্ৰেইলাৰ আৰু ক্ৰুইজাৰৰ মাজত সংঘটিত দুৰ্ঘটনাটোত ১২ জন তীৰ্থযাত্ৰী নিহত হয়।

G2

ইয়াৰে ৮ জন লোকৰ ঘটনাস্থলীতে নিহত হয়। আন তিনিজন বিকানেৰৰ পিবিএম চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

জীপৰ আটাইকেইজন আৰোহী মধ্য প্ৰদেশৰ সজান্দেখৰাৰ বাসিন্দা।

দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে মৃতদেহবোৰ উলিয়াই আনিছিল।

আৰক্ষীয়ে কয় যে সংঘৰ্ষটো ইমানেই গুৰুতৰ আছিল যে ট্ৰেইলাৰৰ সন্মুখভাগত ক্ৰুইজাৰখনে খুন্দা মাৰিছিল। ট্ৰেইলাৰৰ আইনা ভাঙি গৈছিল আৰু কেবিনত বহি থকা চালক আৰু সহযোগী আঘাতপ্ৰাপ্ত হৈছিল।

এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কয় যে, “ৰাজস্থানৰ নাগৌৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা অতি বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলো লোকৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে, “নাগৌৰৰ শ্ৰীবালাজী অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১২ জন দৰ্শনাৰ্থীৰ মৃত্যু অতি দুখজনক। শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঈশ্বৰে এই কঠিন সময়ত তেওঁলোকক শক্তিশালী কৰক। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।”

Leave a Comment