আৰ্থিকভাৱে স্বচ্ছল পৰিয়াল সমূহক ৰেচন কাৰ্ড ঘুৰাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ আৰ্থিকভাৱে সবল লোকসকলক বিশেষ আহ্বাম জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালসমূহ স্বেচ্ছাই ৰেচন কাৰ্ড ঘুৰাই দিয়াৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

সামাজিক মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰগৰাকীয়ে।

ইয়াৰ জৰিয়তে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালক প্ৰাপ্য লাভ কৰাত সহযোগিতাৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰী শৰ্মাই আহ্বান জনাই।

লগতে তেওঁ কয়- অসম চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্যৰ দুখীয়া পৰিয়ালৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাত সহায়েই অধিক গুৰুত্ব প্ৰদান কৰি আহিছে।

ইয়াৰ পূৰ্বে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও ৰাজ্যৰ আৰ্থিকভাৱে স্বচ্ছল পৰিয়াল সকলক ৰেচন কাৰ্ড ঘুৰাই দিবলৈ আহ্বান জনাইছিল।

Leave a Comment