ভগ্নীৰ মৃত্যুৰ বাতৰি পাই IPL আধাতে সামৰি ঘৰলৈ উভতিল RCBৰ পেচ বলাৰ হৰ্ষল পেটেল…

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চলি থকা খেলৰ মাজতে আহিল সেই দুঃসংবাদ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পেচ বলাৰ তথা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হৰ্ষল পেটেলৰ ভগ্নী অৰ্চিতা পেটেলৰ মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তোলে খেলুৱৈ গৰাকীক।

যাৰ বাবে আইপিএল আধাতে সামৰি ঘৰলৈ উভতিবলগীয়া হয় পেচ বলাৰ হৰ্ষল পেটেল। জানিব পৰা মতে, তিনি ভাই-ভনীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ অৰ্চিতা পেটেলে কিছুদিন ধৰি অসুস্থ হৈ আছিল।

ED eKML0?format=jpg&name=small

ইফালে ভগ্নীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে হৰ্ষল পেটেলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অন্য খেলুৱৈ আৰু মেনেজমেণ্টৰ সহযোগত গুজৰাটৰ সানন্দস্থিত ঘৰলৈ ৰাওনা হয়।

অৱশ্যে তেওঁ ভগ্নীৰ অন্তিম সংস্কাৰত উপস্থিত থকাৰ পিছত পুনৰ দলৰ মাজলৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে। কিন্তু ‘বায়’ বাবল’ৰ পৰা বাহিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিছুদিন কোৱাৰেণ্টাই হৈ থাকিবলগা হ’ব পাৰে।

যাৰ বাবে ১২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজৰ খেলখনত অংশ ল’ব নোৱাৰিব পাৰে খেলুৱৈগৰাকীয়ে।

FlRWaZmB?format=jpg&name=small

উল্লেখ্য যে, বিগত ৪ বছৰ ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলি থকা হৰ্ষল পেটেলৰ পাৰদৰ্শিতাই ক্ৰীড়া প্ৰেমীৰ লগতে টীম মেনেজমেণ্টকো প্ৰভাৱিত কৰি আহিছে।

২০২১ৰ আইপিএলত তেওঁ শ্ৰেষ্ঠ বলাৰৰ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে চলিত আইপিএলৰ মেগা ইভেন্টত আৰচিবিয়ে ১০.৭৫ কোটি টকাৰে ক্ৰয় কৰিছে হৰ্ষল পেটেলক। বৰ্তমানলৈকে তেওঁ ৪ খন খেল খেলি দুটা উইকেট লাভ কৰিছে।

নিজৰ প্ৰদৰ্শনেৰে তেওঁ ভাৰতীয় ক্ৰিকেট দলটো স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনকি আগন্তুত টি২০ বিশ্বকাপত তেওঁ ভাৰতীয় দলৰ হৈ খেলিবলৈ সুযোগ পোৱাৰো সম্ভাৱনা আছে।

লগতে চাওকঃ

স্বামী- ২ সন্তানক এৰি আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আটক মহিলা

G4 7
ভগ্নীৰ মৃত্যুৰ বাতৰি পাই IPL আধাতে সামৰি ঘৰলৈ উভতিল RCBৰ পেচ বলাৰ হৰ্ষল পেটেল... 4

Leave a Comment