অসম

নিকৃষ্ট কাণ্ডঃ ষাঁড় গৰুৰ নেজত জুই‌ লগাই‌ হত্যাৰ চেষ্টা দুস্কৃতিকাৰীৰ…

এক অতি নিকৃষ্ট কাণ্ড।

অমাত জীৱৰ ওপৰত বৰ্বৰ অত্যাচাৰ মানুহ ৰূপী দানৱৰ।

মন্দিৰৰ নামত এৰি দিয়া ষাঁড় গৰুৰ জ্বলাই মৰাৰ চেষ্টা দুস্কৃতিকাৰীৰ।

এটা ষাঁড় গৰুৰ নেজত জুই‌ লগাই‌ দি পাশৱিক আনন্দ ল’লে কোনো পাষণ্ডই।

বঙাইগাঁও জিলাৰ বইটামাৰীৰ ধনতোলা বজাৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।

নেজত জুই লগাই দিয়াৰ ফলত ষাড়টোৰ নেজৰ লগতে পিছৰ অংশ অগ্নিদগ্ধ হয়।

সম্প্ৰতি সংকটজনক অৱস্থাত ষাঁড়টোক চিকিৎসা আগবঢ়াই আছে বজাৰখনৰ ব্যৱসায়ী তথা সচেতন ৰাইজে।

অৱশ্যে কোনে সংঘটিত কৰিলে এই ঘটনা সেয়া অদ্যপি পোহৰলৈ অহা নাই।

স্থানীয় ৰাইজে এই ঘটনাৰ শীঘ্ৰেই তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰশাসনক।

Leave a Reply

Your email address will not be published. Required fields are marked *