ব্যতিক্ৰমী ৰূপত লাভলীনা বৰগোঁহাই, জুবিন গাৰ্গৰ সৈতে শ্বুটিঙত ব্যস্ত লাভলীনা…

টকিঅ’ অলিম্পিকত পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁইক দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী ৰূপত।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত দেখিবলৈ পোৱা গৈছে বজ্ৰকন্যা লাভলীনাক।

সম্প্ৰতি জুবিন গাৰ্গৰ লগত শ্বুটিঙত ব্যস্ত লাভলীনা।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ডৰ ষ্টেডিয়ামত এটি গীতৰ শ্বুটিঙত অংশ গ্ৰহণ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু লাভলীনা বৰগোঁহাইয়ে।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত এক ভিডিঅ প্ৰস্তুত কৰা হৈছে।

Image

উক্ত ভিডিঅ’টোৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলীনাই।

ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে শিক্ষা বিভাগে উক্ত ভিডিঅ’টি প্ৰস্তুত কৰি ওলিয়াব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত পদক লাভৰ পিছতেই প্ৰতিগৰাকী দেশবসীৰ বাবে গৌৰৱ হৈ পৰিছে লাভলীনা।

Leave a Comment