অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীলৈ ফোন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক। বৰ্তমান ৰাজ্যত বহু ঠাইত হৈছে ভদীয়া বান। বানপানীৰ ফলত অসমৰ কেইবাটাও ঠাইত চৰম বিপদৰ সন্মুখীন হৈছে লাখ লাখ লােক।

সেয়েহে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়।

মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সম্ভাব্য সহায়ৰ আশ্বাস প্ৰদান কৰে।

সোমবাৰে এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে শেহতীয়াকৈ অসমত বান পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু ১৭ খন জিলাত দুজন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি ৩.৬৩ লাখৰো অধিক লোক এই বানত আক্ৰান্ত হৈছে।

এক টুইটযোগে মোদীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যখনৰ কিছু অংশত বান পৰিস্থিতিৰ বুজ লওঁ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰৰ পৰা সকলো সম্ভাৱ্য সহায়ৰ আশ্বাস প্ৰদান কৰো। মই বান আক্ৰান্ত অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।”

Leave a Comment