ৰাষ্ট্ৰীয়অসমীয়া

এগৰাকী মহিলাৰ বিশেষ তৎপৰতাত নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে’ল

নিউজ ডেস্ক। এগৰাকী মহিলাৰ বুদ্ধিমত্তাৰ বাবে এক নিশ্চিত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে’ল।

পথাৰলৈ ওলাই অহা মহিলাগৰাকীয়ে ৰে’লপথত প্ৰকাণ্ড ফাঁট দেখি অশনি দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰে’লখন ৰক্ষা কৰিবলৈ পিন্ধি থকা ৰঙা ৰঙৰ শাৰীখন ৰে’লপথৰ ওপৰত আঁৰি দিয়ে। যাৰ ফলত ৰঙা ৰং দেখি সন্মুখৰ বিপদৰ সংকেত পাই ৰে’লৰ পাইলটে ৰে’লখন ৰখায় আৰু ৰে’লপথ মেৰামতিৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰে।

1

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাহ জিলাত। জিলাখনৰ আভাগড় খণ্ডৰ গুলেৰিয়া গাঁৱৰ সমীপৰ ৰে’লপথত সংঘটিত হয় এই ঘটনা।

3

জানিব পৰা মতে, ওমৱতী নামৰ স্থানীয় মহিলা এগৰাকীয়ে খেতি পথাৰলৈ ওলাই আহিছিল। তেওঁ ৰে’লপথেৰে খোজ কাঢ়ি আহি থকাৰ সময়তে ৰে’ল পথত এটা বৃহৎ ফাঁট প্ৰত্যক্ষ কৰে।

FPM rQ6aQAAxJuP

আনহাতে সেই সময়তে আহি আছিল ইটাহৰ পৰা টুণ্ডলা অভিমুখী এখন যাত্ৰীবাহী ৰে’ল। মহিলাগৰাকীয়ে অলপ সময়ো অপব্যৱহাৰ নকৰি পিন্ধি থকা ৰঙা ৰঙৰ শাৰীখন খোলে আৰু গছৰ দুটা ঠালৰ সহায়ত ৰে’লপথৰ ওপৰত শাৰীখন আঁৰি দিয়ে।

ইফালে দূৰৈৰ পৰাই ৰঙা ৰং দেখি ট্ৰেইনখনৰ পাইলটে সন্মুখৰ কোনো বিপদৰ উমান লাভ কৰে আৰু ট্ৰেইনখন ৰখায়।

তাৰ পিছত ভগা ৰে’লপথটো মেৰামতি কৰাৰ পিছতহে পুনৰ যাত্ৰা আৰম্ভ কৰে যাত্ৰীবাহী ৰে’লখনে।

এগৰাকী গাঁৱৰ মহিলাই বুদ্ধিমত্তাৰে এনেদৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা অনেক ৰে’লযাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ পিছত সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছে মহিলাগৰাকী।

লগতে চাওকঃ

দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা

G4 2

Leave a Reply

Your email address will not be published. Required fields are marked *