অসম

বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য, প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বাঢ়িব ফ্লেটৰ মূল্য…

ব’হাগ বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য।

এটা ফ্লেটৰ প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ দাম বাঢ়িল অসমত।

অসম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে।

নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলতে নিৰ্মাণ খণ্ডৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে বুলি শৰ্মাই সংবাদমেলত প্ৰকাশ কৰি ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ বাহিৰে অন্য বিকল্প নোহোৱা হৈ পৰিছে বুলি কয়।

তেওঁ আৰু কয় যে আচলতে ২০২০ চনৰ পৰাই প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ নিৰ্মাণ খৰচ বৃদ্ধি হৈছে।

নিৰ্মাণত ব্যাৱহাৰ হোৱা ৰড, ইটা আৰু চিমেণ্ট আদিৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পোৱাৰ ফলত বৰ্তমান সময়ত বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ প্ৰায় হৈ পৰিছে বুলিও সংবাদমেলত শৰ্মাই কাৰণ দৰ্শাই।

শৰ্মাই জনায় যে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ১৯ বিধ সামগ্ৰীৰ দাম যোৱা দুই-আঢ়ৈ বছৰত ধাৰাবাহিকভাৱে বাঢ়ি আছে আৰু নিৰ্মাতাসকলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে।

এনে অৱস্থাত যোৱা ২৬ মাৰ্চত সংস্থাৰ জৰুৰী সাধাৰণ বৈঠকত সকলো ফ্লেটৰ মূল্য ২০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *