অসম

ক’ত হেৰাল দিপ্তী দাস? চাৰিদিন পূৰ্বে কাম বিচাৰি ওলাই গৈছিল ৰঙিয়ালৈ…

পাঠশালাৰ পৰা কাম বিচাৰি ৰঙিয়ালৈ গৈ সন্ধানহীন হৈছে এগৰাকী মহিলা।

সন্ধানহীন হোৱা মহিলাগৰাকী হৈছে বজালী জিলাৰ পাঠশালাৰ দিপ্তী দাস (২৭)।

বুধবাৰে ৰঙিয়ালৈ কাম বিচাৰি গৈছিল মহিলা গৰাকীয়ে।

কিন্তু, যোৱা চাৰিদিন ধৰি সন্ধানহীন হৈ আছে মহিলাগৰাকী।

মহিলাগৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত স্বামীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইপিনে ৰঙিয়াৰ ৰাজপথত নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পত্নীৰ ফটো দেখুৱাই বিভিন্ন ঠাইত বিচাৰি ফুৰিছে।

মহিলাগৰাকী কোনো দুষ্ট চক্ৰৰ হাতত পৰা বুলি সন্দেহ কৰিও চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

উপায়হীন পৰিয়ালটোৱে শীঘ্ৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *