মুখ্যমন্ত্ৰীৰ সাৱধানবাণী! ক’ভিড নীতি মানি নচলিলে হ’ব পাৰে সম্পূৰ্ণ লকডাউন…

দেশত পুনৰ ভয়াৱহভাৱে বৃদ্ধি হ’ব ধৰিছে কৰ’ণাৰ সংক্ৰমণ।

বিগত ২৪ ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৪৫ হাজাৰৰো অধিক।

কেৰালাত মাত্ৰ এদিনতে ৭০ শতাংশ বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা।

ফলত কেৰালা চৰকাৰে পুনৰ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্যখনত।

যোৱা ২৪ ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৪৬০ গৰাকী ৰোগী।

ইপিনে অসমৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনাইছে সাৱধানবাণী।

ক’ভিড নিয়ম নীতি মানি নচলিলে পুনৰ টোটেল লকডাউনৰ ফালে উভতি যাবলগীয়া পৰিবেশ আহি পৰিব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, অসমত ১ ছেপ্তেম্বৰৰ পৰা অধিক শিথিলতা প্ৰদান কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।

আন্তঃজিলা যাতায়ত মুকলি কৰি দিয়াৰ লগতে বিদ্যালয়, মহাবিদ্যালয়সমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

কিন্তু দেশত ক’ভিড সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত অসমত ছেপ্তেম্বৰৰ মাহৰ পৰা ক’ভিডৰ শিথিলতা প্ৰদানৰ পিছৰ পৰা ৰাইজক ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment