শোকাৱহ! পথ দুৰ্ঘটনাত কৰুণ মৃ্ত্যুক সাৱটিলে জনপ্ৰিয় ইউটিউবাৰ ফৰিদুলে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে জনপ্ৰিয় ইউটিউবাৰ ফৰিদুল ইছলামে(২২)।

জানিব পৰা মতে, ফকিৰগঞ্জৰ পৰা হাটশিঙীমাৰী লৈ গৈ থকা অৱস্থাত পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ অন্তৰ্গত গোমাইঝোৰাত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

টিকটক ভিডিঅ’ বনোৱাৰ উদ্দেশ্যে ৫জন বন্ধুয়ে মিলি দুখন বাইকেৰে হাটশিঙীমাৰী অবিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷

বাইক দুৰ্ঘটনাত পতিত হৈ ওচৰতে থকা এটা খাৱৈত বাগৰি পৰে আৰু আহত হৈ খাৱৈতে মৃত্যুবৰণ কৰে ফৰিদুলে।

উল্লেখ্য ফৰিদুল ইছলামে টিকটক ভিডিঅ’ বনাই ইউটিউবত এটা চেনেল খুলিছিল৷ ফৰিদুল দক্ষিণ শালমাৰাত এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে জনাজাত আছিল।

সম্প্ৰতি আন ৪জন যুৱক ফুলবাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Leave a Comment