অসমীয়া ভাষাত চূড়ান্ত অপমান বিধায়ক চিৰাজউদ্দিন আজমলৰ।
ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অসমীয়া ভাষা সন্দৰ্ভত কটু মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
অসমীয়া ভাষাক বাহিৰত কোনো জানে বুলিও তাচ্ছিল্য কৰে অসমৰে বিধায়কগৰাকীয়ে।
অসমীয়া ভাষা কোনে জানে, মই ইণ্টাৰনেচনেল মানুহ বুলি সাংবাদিকৰ আগত দোহাৰে বিধায়কগৰাকীয়ে।
তেওঁ কয়- ‘মই অসমীয়াত নকও, আমি ইণ্টাৰনেচনেল মানুহ। মোক দুনীয়াৰ মানুহে জানে, ইংৰাজীত নকলে মানুহে বুজি নাপায়।’
লগতে দুনীয়াৰ মানুহে অসমীয়া জানে নেকি বুলি সাংবাদিকক প্ৰশ্ন কৰে চিৰাজউদ্দিনে।









