পেট্ৰ’লৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰশ্ন সোধাৰ বাবে কিয় খং উঠিল বাবা ৰামদেৱৰ..?

এসময়ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৌচ্চাৰ হোৱা বাবা ৰামদেৱ এতিয়া নিমাত।

কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধিক লৈ ব্যাপকভাৱে সোচ্চাৰ হৈছিল যোগগুৰু বাবা ৰামদেৱ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ সমৰ্থনত এটা দূৰদৰ্শন সাক্ষাৎকাৰযোগে ৰামদেৱে কৈছিল যে, পেট্ৰ’লৰ ৫০ শতাংশ কৰ হ্ৰাস কৰি যদি এক শতাংশ কৰা হয়, তেন্তে পেট্ৰ’লৰ প্ৰকৃত মূল্য মাত্ৰ ৩৫ বা ৪০ টকা হ’ব।

জনসাধাৰণক ৯০ টকীয়া পেট্ৰ’ল লাগিব নে ৩৫-৪০ টকীয়া পেট্ৰ’ল লাগিব বুলি প্ৰশ্ন কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল ৰামদেৱে।

পিছে এতিয়া ৰামদেৱৰ সেই পেট্ৰ’ল সম্পৰ্কীয় পুৰণি উক্তিৰ বিষয়ে প্ৰশ্ন কৰি ধমকি খাব লগীয়া হৈছে এজন সাংবাদিক।

ভাইৰেল হোৱা এটা ভিডিঅ’ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে বাব ৰামদেৱক।

ৰামদেৱে কয়, ‘মই সেই মন্তব্য দিছিলো। কিবা কৰিব নেকি? এতিয়া মই একো নকওঁ। আপুনি যি কৰিব পাৰে কৰক। এনে প্ৰশ্ন নকৰিব। আপুনি ঠিকাদাৰ নেকি, যে আপুনি যি বিচাৰে তাৰ উত্তৰ দিব লাগিব?’

লগতে সাংবাদিকজনে যদি পুনৰ এনে প্ৰশ্ন কৰে তেন্তে তেওঁৰ বাবে ভাল নহ’ব বুলিও একপ্ৰকাৰ ধমকি দিয়ে ৰামদেৱে।

Leave a Comment