অসম

কংগ্ৰেছত সংঘাত! বিধানসভা নিৰ্বাচনৰ সময়ত কোনে ৫ কোটি বিচাৰিছিল ছিদ্দিক আহমেদৰ পৰা..?

ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছত এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰতে সৃষ্টি হৈছে সংঘাতৰ। উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই ভোট নষ্ট কৰাৰ অভিযোগত দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদক দলৰ পৰা নিলম্বন কৰিছিল প্ৰদেশ কংগ্ৰেছে।

ইয়াৰ পিছতে শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছিদ্দিক আহমেদে। এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ভিতৰত চলি থকা লবীকেন্দ্ৰীক ৰাজনীতিৰ ভুক্তভোগী তেওঁ হ’বলগীয়া হৈছে বুলি মন্তব্য কৰে।

কেইগৰাকীমান কংগ্ৰেছী নেতাই তেওঁক আৰু এআইইউডিএফক বলিৰ পঠা সজাই ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ দোষ জাপি দিব বিচাৰিছে বুলিও অভিযোগ কৰে ছিদ্দিক আহমেদে।

ইফালে নিলম্বিত বিধায়কজনে কংগ্ৰেছৰ কেইজনমান নেতাৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচনত ধন বিচৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

তেওঁৰ মতে, কংগ্ৰেছৰ দুজনমান জ্যেষ্ঠ নেতাক আন আন নেতাসকলে ভয় কৰে। সেই নেতাসকলেই বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ত তেওঁৰ পৰা বিচাৰিছিল ৫ কোটি টকা।

আনকি অসম কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙেও তেওঁৰ পৰা ধন বিচৰা বুলি বিস্ফোৰক অভিযোগ কৰে ছিদ্দিক আহমেদে।

বিধায়কজনৰ এনে অভিযোগে এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত দেখা দিয়া সংঘাতে সমাগত পৌৰ নিগমৰ নিৰ্বাচনতো দলটোৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *