নিউজ ডেস্ক। হাস্পতালত এগৰাকী প্ৰসূতিৰ মৃত্যুৰ পিছত পৰিয়াল আৰু স্থানীয় ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদ আৰু আৰক্ষীয়ে তদন্ত নকৰাকৈয়ে হত্যাৰ গোচৰ ৰুজু কৰাত মানসিকভাৱে ভাগি পৰি চৰম পথ বাচি ল’লে স্বৰ্ণ পদক প্ৰাপ্ত এগৰাকী মহিলা চিকিৎসকে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ দাউছা জিলাৰ লালছোটত।

লালছোটৰ আনন্দ হাস্পতালত যোৱা সোমবাৰে সন্তান প্ৰসৱৰ সময়ত এগৰাকী প্ৰসূতিৰ মৃত্যু ঘটিছিল।
তাৰ পিছতে হাস্পতালৰ বাহিৰত প্ৰসূতিগৰাকাৰী পৰিয়াল আৰু আন আন লোকে কৰ্তব্যৰত চিকিৎসক অৰ্চনা শৰ্মাৰ গাফিলতিৰ অভিযোগ তুুলি প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে আৰক্ষীয়েও কোনো তদন্ত নচলোৱাকৈয়ে প্ৰসূতিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চিকিৎসক অৰ্চনা শৰ্মা আৰু তেওঁৰ স্বামী ডাঃ শোণিত উপাধ্যায়ৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে।

এই ঘটনাত মানসিকভাৱে ভাগি পৰা ডাঃ অৰ্চনা শৰ্মাই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলৈ বাধ্য হয়। তেওঁৰ মৃত্যুৰ পিছত উদ্ধাৰ হোৱা চুইচাইড নোটে তেওঁৰ মৃত্যুৰ পূৰ্বৰ মানসিক অৱস্থাৰ ব্যাখ্যা কৰিছে।
‘মই মােৰ স্বামী আৰু শিশুক বহুত মৰম কৰােঁ, মােৰ মৃত্যুৰ পিছত তেওঁলােকৰ ওপৰত কােনেও যাতে আতিশয্য নচলায়। মই একাে ভুল কৰা নাই, মই কাকাে হত্যা কৰা নাই।’- এইবুলি উল্লেখ কৰা হয় চুচাইড নােটত।

চিকিৎসক ডাঃ অৰ্চনা শৰ্মাৰ আত্মহত্যাক লৈ এতিয়া সমগ্ৰ ৰাজস্থানত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ৰোগীৰ শুশ্ৰুষাৰ নামত দিন-ৰাতি একাকাৰ কৰা চিকিৎসকক মানসিক নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে চিকিৎসক সকলে।

দাউছা জিলাৰ সকলো ব্যক্তিগত চিকিৎসালয়, লেবৰেটৰী আৰু ফাৰ্মাচী বুধবাৰে বন্ধ ৰাখি চিকিৎসক আৰু চিকিৎসা সেৱাৰে জড়িত সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
@PMOIndia @CMORajsthan @IMAIndiaOrg
— IMAGurgaon (@GurgaonIma) March 30, 2022
We urge action against @rajasthanpolice and Dausa district administration for harassment of Dr.Archana Sharma and untimely demise of a valuable doctor#MedicalLivesMatter #SaveDoctors pic.twitter.com/GabJCjBUF7
সেইদৰে ৰাজধানী জয়পুৰৰো সকলো ব্যক্তিগত হাস্পতাল বুধবাৰে বন্ধ ৰখা পৰিলক্ষিত হয়।
দাউছাৰ কৰ্তব্যৰত চিকিৎসকসকলে পুৱা ৯-১১ বজালৈ কৰ্মবিৰতি ঘোষণা কৰি ডাঃ অৰ্চনা শৰ্মাৰ আত্মহত্যাৰ তদন্তৰ দাবী কৰে।
ইপিনে, এই ঘটনাই কঁপনি তুলিছে ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজত। ৰাজ্য চৰকাৰে ইতিমধ্যে দাউছা জিলাৰ আৰক্ষী অধীক্ষক অনিল কুমাৰক বদলি কৰাৰ লগতে SHO অংকিত চৌধুৰীক নিলম্বিত কৰিছে।









