অসমঅসমীয়া

কাণৰ হেডফোনেই কাল হ’ল মেঘনাৰ বাবে, ৰে’লৰ খুন্দাত হেৰুৱালে প্ৰাণ

নিউজ ডেস্ক। হেডফোনৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী যুৱতীয়ে।

নগাঁও জিলাৰ চামগুৰিত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল মেঘনা বৰা নামৰ যুৱতীগৰাকীৰ।

জানিব পৰা মতে, কাৰ্বি আংলঙৰ হাওৰাঘাটৰ নিৱাসী মেঘনাই চামগুৰিৰ আউনিআটি সত্ৰত থকা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহা মেঘনা বৰাই মঙলবাৰে পুৱা শিলঘাট-নগাঁও ৰে’লপথৰ কাষেৰে প্ৰাত:ভ্ৰমণলৈ ওলাই আহিছিল।

G4 22

কাণত হেডফোন লগাই একান্ত মনেৰে প্ৰাতঃভ্ৰমণ কৰা মেঘনাই ৰে’লপথত উঠাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ৰে’ল যুৱতীগৰাকীৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। যাৰ ফলত থিতাতে মৃত্যু ঘটে মেঘনা বৰাৰ।

ইফালে, ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মেঘনা বৰাৰ মৃতদেহ উদ্ধাৰ কৰে।

G3 30

আৰক্ষীয়ে সদৰী কৰা মতে, কাণত হেডফোন লগাই ৰখা বাবেই মেঘনাই ৰে’ল অহাৰ বিষয়ে গম পোৱা নাছিল আৰু দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চামগুৰিত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযােগ তুলি পত্নীৰ এজাহাৰ, তাৰ পাছতে স্বামীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত…

375

Leave a Reply

Your email address will not be published. Required fields are marked *