ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ

নিউজ ডেস্ক। ব’হাগত কথা আছিল ঘৰলৈ অহাৰ। বিহুৰ ছুটিৰ মাজতে সাত মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্নভাগো সম্পন্ন কৰাৰ মানস কৰিছিল পৰিয়ালটোৱে। কিন্তু সপোন পূৰণ হোৱাৰ পূৰ্বেই কৰুণ মৃত্যুক সাৱটি ল’লে যোৰহাটৰ অনুপম শইকীয়াই!

শনিবাৰে ডিমা হাছাওৰ উমৰাংচুৰ পাঁচকিলোস্থিত জলবিদ্যুৎ প্ৰকল্পত সংঘটিত জল বিস্ফোৰণত মৃত্যুক সাৱটি ল’লে ৩৮ বছৰীয়া অনুপম শইকীয়াইও।

বিগত ৭-৮ বছৰ ধৰি উমৰাংচুত নীপকোৰ অভিযন্তা হিচাপে কৰ্মৰত অনুপম শইকীয়াৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে যোৰহাটবাসীক।

vlcsnap 2022 03 27 11h55m09s647
ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ 5

পুত্ৰৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমযোগে সম্প্ৰচাৰ হোৱাৰ পিছতে যোৰহাটৰ পৰা গৈ উমৰাংচুত উপস্থিত হৈছে অনুপমৰ পিতৃ-মাতৃ।

যোৰহাটৰ বৰিগাঁৱৰ বৰবৰুৱা টেকেলা গাঁৱৰ নিৱাসী সামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত ছুবেদাৰ মেজৰ দিগন্ত শইকীয়া আৰু অণিমা শইকীয়াৰ একমাত্ৰ পুত্ৰ অনুপম শইকীয়াই ২০১৩ চনত নীপকোৰ অভিযন্তা হিচাপে যোগদান কৰিছিল।

সৰুৰে পৰাই অত্যন্ত মেধাৱী অনুপম শইকীয়াই জে বি কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ২০০৮ চনত যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিং ডিগ্ৰী গ্ৰহণ কৰে।

vlcsnap 2022 03 27 11h54m50s620
ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ 6

অতি সৰবহৰী যুৱকজনে মাত্ৰ এপষেক পূৰ্বে ছুটি লৈ যোৰহাটৰ ঘৰলৈ আহিছিল। তাৰ পিছত তেওঁ পত্নী ড০ পুনমশ্ৰী দাস আৰু সাতমহীয়া পুত্ৰ সন্তানটোক লগত লৈ পুনৰ ঢাপলি মেলিছিল কৰ্মস্থলীলৈ। ব’হাগ বিহুৰ সময়তে তেওঁ পত্নী-সন্তানসহ ঘৰলৈ অহাৰ কথা আছিল আৰু পুত্ৰৰ অন্ন প্ৰাসন্ন পৰ্বও অনুষ্ঠিত কৰাৰ বিষয়ে পৰিকল্পনা কৰিছিল।

কিন্তু বিহুৰ ছুটিত ঘৰলৈ অহাৰ পূৰ্বেই কৰুণ মৃত্যুক সাৱটি লয় অনুপম শইকীয়াই। উমৰাংচুৰ পাঁচকিলোত থকা নীপকোৰ ১৩২ মেগাৱাট শক্তিসম্পন্ন খানদাং জলবিদ্যুৎ প্রকল্পত শনিবাৰে দুপৰীয়া সংঘটিত জল বিস্ফোৰণত আন ২ সতীৰ্থৰ সৈতে প্ৰাণ হেৰুৱায় অনুপম শইকীয়াইও।

ইফালে অনুপমৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে তেওঁৰ পিতৃ দিগন্ত শইকীয়া আৰু মাতৃ অণিমা শইকীয়া উমৰাংচুলৈ ৰাওনা হয়। এই সময়ছোৱাত অগণন লোকে ভিৰ কৰে অনুপম শইকীয়াৰ যোৰহাটস্থিত বাসগৃহত। যুৱ অভিযন্তাজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

জানিব পৰা মতে, দেওবাৰে অথবা সোমবাৰৰ ভিতৰত স্বগৃহলৈ অনা হব অনুপম শইকীয়াৰ নশ্বৰ দেহ। যোৰহাটস্থিত স্বগৃহতে সামাজিক ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অনুপমৰ।

লগতে চাওকঃ

নামভৰ্তি হ’ল যদিও স্কুললৈ যাব নােৱাৰিব কণমানি পূবালীয়ে…

photo 2022 03 26 12 02 03
ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ 7

চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

G1 47
ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ 8

Leave a Comment