অসমঅসমীয়া

ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু পুত্ৰৰ, গুৰুতৰভাৱে আহত পিতৃ

নিউজ ডেস্ক। শোনিতপুৰ জিলাৰ জামুগুৰিহাটত শোকাবহ ঘটনা।

ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰাণ গ’ল এজন যুৱকৰ।

পুত্ৰক বচাবলৈ গৈ গুৰুতৰভাৱে অগ্নিদগ্ধ পিতৃও।

G3 27

জানিব পৰা মতে, জামুগুৰিহাটৰ ইন্দ্ৰলাল শৰ্মা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰে পুত্ৰ যাদৱ শৰ্মা।

পুত্ৰক বচাবলৈ জুইৰ মাজত জঁপিয়াই পৰে ইন্দ্ৰলাল শৰ্মা।

কিন্তু দুৰ্ভাগ্যক্ৰমে অগ্নিদগ্ধ হয় পিতা-পুত্ৰ দুয়োজনেই।

লগে লগে দুয়োকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যাদৱ শৰ্মাক।

আনহাতে, হাস্পতালৰ বিচনাত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে ইন্দ্ৰলাল শৰ্মা।

লগতে চাওকঃ

চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

G1 47

Leave a Reply

Your email address will not be published. Required fields are marked *