মধ্য অসম বাসীৰ বাবে এক ভাল খবৰ।
নগাঁৱত স্থাপন কৰা হ’ব কেঞ্চাৰ হাস্পতাল৷
এপ্ৰিল মাহৰ পৰা নগাঁও অসামৰিক চিকিৎসালয়খন কেঞ্চাৰ হস্পিতাল ৰূপে উন্নীতকৰণৰ কাম আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে৷
শনিবাৰে নগাঁৱত এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷
উল্লেখ্যে যে, শনিবাৰে নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটা অত্যাধুনিক ICU কক্ষ মুকলি কৰি এই ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
এই অত্যাধুনিক ICU কক্ষটোত ২২ খন ICU বিচনা থকাৰ লগতে ৩০খন অক্সিজেনযুক্ত বিচনা আছে৷
লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ম’হখুলিত নিৰ্মাণ হৈ থকা নগাঁও মেডিকেল কলেজৰ কামো শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে।









