ৰাষ্ট্ৰীয়

এইবাৰ ৰোগীৰ মূৰত ৰামটাঙোন! দাম বৃদ্ধি পাব পেৰাচিটামল, প্ৰেচাৰ, হাৰ্টৰ ঔষধৰ…

এইবাৰ ৰোগীৰ মূৰত পৰিব ৰামটাঙোন।

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পাছত এইবাৰ দাম বৃদ্ধি পাব ঔষধৰ।

পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম।

১ এপ্ৰিলৰ পৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছাল, জ্বৰ, সংক্ৰমণ, হৃদৰোগৰ ঔষধৰ দাম বৃদ্ধি পাব।

যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি পাব।

নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অৱ ইণ্ডিয়াই পাইকাৰী দৰ সূচকৰ পৰিৱৰ্তন কৰা বুলি ঘোষণাৰ লগে লগে কমেও ৮০০ বিধ মেডিচিনৰ দাম বৃদ্ধি পাব।

কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। এপ্ৰিল মাহৰ পৰা এই মূল্য বৃদ্ধিৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *