গুৱাহাটী

মূল্যবৃদ্ধি! ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ফুটপাথত ৰঙাচাহ বনালে অংকিতা দত্তই…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছৰ।

ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ফুটপাথত ৰঙাচাহ বনালে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই।

চিলিণ্ডাৰ ওলোতাই ৰাখি ফুটপাথত জুইত চাহ বনাইছে অংকিতা দত্তই।

গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন যুৱ কংগ্ৰেছৰ।

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক।

শেহতীয়াভাৱে ৫০ টকাকৈ বৃদ্ধি পাইছে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

ইপিনে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অংকিতা দত্তই কয়- স্মৃতি ইৰাণী, প্ৰশান্ত ফুকন, বিজয়া চক্ৰৱৰ্তীয়ে প্ৰতিবাদ কৰিছিল মূল্যবৃদ্ধিৰ বিৰুদ্ধে, কিন্তু এতিয়া নিমাত।

ছিণ্ডিকেটৰ বাবে শাক পাঁচলিৰ মূল্য বৃদ্ধি পাইছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অংকিতা দত্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *