অসমঅসমীয়া

ছাত্ৰীক কাণত ধৰি উঠা-বহা কৰিবলৈ দিয়া ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ নিলম্বন প্ৰত্যাহাৰ

নিউজ ডেস্ক। পাঠশালাৰ বজালীৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী ষষ্ঠ ষান্মাসিকৰ ছাত্ৰীক কাণত ধৰি উঠা-বহা কৰিবলৈ দিয়া বিশ্ববিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা জয়শ্ৰী দাসক কিছুদিন পূৰ্বে নিলম্বন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

G2 23

কিন্তু অধ্যাপিকাগৰাকীয়ে যোৱা ১৫ মাৰ্চত এই নিলম্বনৰ নিৰ্দেশৰ পুনৰ বিবেচনাৰ বাবে জনোৱা আবেদনৰ পিছত বুধবাৰে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইয়াৰ পিছতে অধ্যাপিকা জয়শ্ৰী দাসে শুকুৰবাৰৰ পৰা বিশ্ববিদ্যালয়ত পুনৰ যোগদান কৰিব।

উল্লেখ্য যে, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা হোৱাটছএপ গ্ৰুপত অধ্যাপিকা জয়শ্ৰী দাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল এগৰাকী ষষ্ঠ ষান্মাসিকৰ ছাত্ৰীয়ে।

Bhattdeb

অধ্যাপিকাগৰাকীৰ ব্যক্তিগত জীৱনক লৈও অশালীন মন্তব্য কৰা ছাত্ৰীগৰাকীক পিছদিনা বিশ্ববিদ্যালয়ত কাণত ধৰি উঠা-বহা কৰোৱাইছিল অধ্যাপিকাগৰাকীয়ে।

এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। অধ্যাপিকাগৰাকীয়ে ছাত্ৰীগৰাকীক এনে শাস্তি বিহি মানৱাধিকাৰ উলংঘনৰো অভিযোগ উত্থাপন কৰিছিল অনেকেই।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা গৰাকীক লৈ সৃষ্টি হোৱা ভিন্ন প্ৰতিক্ৰিয়াৰ পিছতে জয়শ্ৰী দাসক নিলম্বন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

লগতে চাওকঃ

আইআইটিৰ পৰীক্ষাত দেশৰ ভিতৰতে ৫৪ সংখ্যক স্থান কাৰাবন্দী সূৰজৰ

G7 12

Leave a Reply

Your email address will not be published. Required fields are marked *