ভাৰতে বৃহস্পতিবাৰে সফলতাৰে সম্পন্ন কৰিলে ব্ৰাহ্মছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ পৰীক্ষণ।
আন্দামান-নিকোবৰত ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ব্ৰাহ্মছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ ভাৰতে সফল পৰীক্ষণ সম্পন্ন কৰে।
মিছাইলবিধে নিৰ্দিষ্ট লক্ষ্যত সফলতাৰে আঘাত হানিবলৈ সক্ষম হয় বুলি বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।
মাৰ্চৰ প্ৰথম সপ্তাহতো ভাৰতীয় নৌসেনাই ব্ৰাহ্মছ ক্ৰুজ মিছাইলৰ এটা সফল পৰীক্ষণ কৰিছিল।
ভাৰতে শেহতীয়াভাৱে বিকাশ সাধন কৰা ব্ৰাহ্মছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ লক্ষ্যস্থানত আঘাত হানিব পৰা সামৰ্থ্যও ২৯৮ কিলোমিটাৰৰ পৰা ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰিছে।
ভাৰতে ৰাছিয়াৰ সহযোগত দুৰ্ভেদ্য ব্ৰাহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইল নিৰ্মাণ কৰি উলিয়াইছিল। ভাৰতীয় বায়ু সেনাৰ ছুখই-৩০ যুঁজাৰু বিমানতো ব্ৰাহ্ম’ছ চুপাৰছ’নিক মিছাইলৰ সংযোগ কৰা হৈছে।
ভাৰতে ভূমিৰ পৰা ভূমিলৈ, বায়ুৰ পৰা বায়ুলৈ আৰু পানীৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ব্ৰাহ্ম’ছ মিছাইলো নিৰ্মাণ কৰি উলিয়াইছে।
উল্লেখ্য যে, শেহতীয়াকৈ ভাৰতে অত্যাধুনিক যুদ্ধ বিমান সুখয় ৩০ এমকেআইৰ পৰা শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।
ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪৫০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।
মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।
ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।









