অসম

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সুশান্ত বৰগোহাঁইয়ে…

দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সুশান্ত বৰগোহাঁইয়ে।

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিলে সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে।

বৰগোঁহাইৰ লগতে APCC ৰ যুৱমৰ্চা,মহিলামৰ্চাৰ কেইবাগৰাকীও বিষয়ববীয়াই যোগদান কৰে বিজেপিত।

বিজেপিত যোগদান কৰি বৰগোঁহাইয়ে কয় যে, ‘মই আগৰ দলক সমালোচনা নকৰো। দলৰ এগৰাকী নিষ্ঠাবান কৰ্মীৰূপে কাম কৰি যাম।’ লগতে ৰাইজৰ সেৱা আৰু উন্নয়নৰ হকে বিজেপিত যোগদান কৰিছো।’

ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় সমষ্টিৰ উন্নয়নৰ বাবেহে বি জে পি ত যোগদান কৰাৰ কথা উল্লেখ বৰগোঁহাইৰ।

যোগদান অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীয়ুষ হাজৰিকা, পল্লৱ লোচন দাসকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা বিশ্বৰূপ ভট্টাচাৰ্য।

বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বৰগোহাঁইয়ে।

সুশান্তৰ বিজেপিত যোগদানৰ লগে লগে উজনিত কংগ্ৰেছ দল প্ৰায় নিচ্চিন্ন হ’ল বুলি দাবী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *