ৰাষ্ট্ৰীয়অসমীয়া

ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া এৱাৰ্ডচ ২০২১ত মুখ্য অতিথি অসম গৌৰৱ লাভলীনা বৰগোঁহাই, কাষত বহি কৈলাশ খেৰে গালে গান

নিউজ ডেস্ক। নতুন দিল্লীত আয়োজিত ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া এৱাৰ্ডচ ২০২১ত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম গৌৰৱ লাভলীনা বৰগোঁহাইয়ে।

মহিলা সশক্তিকৰণৰ এই অনুষ্ঠানত দেশৰ বিশিষ্ট মহিলা সকলৰ সৈতে একেলগে উপস্থিত থাকিবলৈ পাই আনন্দ ব্যক্ত কৰে লাভলীনাই। এই অনুষ্ঠানতে লাভলীনাৰ হৈ গীত গায় প্ৰসিদ্ধ কণ্ঠশিল্পী কৈলাশ খেৰে।

FOcN2PJXIAMdp15

অনুষ্ঠানত অংশ লৈ এনকে টিভিৰ সৈতে হোৱা বাৰ্তালাপত লাভলীনাই কয় যে ভাৰতত এতিয়া মহিলা যিদৰে আগবাঢ়িছে সেয়া গৌৰৱৰ বিষয়।

দেশৰ বিশেষ মহিলাসকলৰ সৈতে একেলগে উপস্থিত থাকিবলৈ পাই তেওঁ যথেষ্ট কথা শিকিবলৈ পাইছে বুলিও মন্তব্য কৰে ক্ৰীড়াবিদ গৰাকীয়ে।

কণ্ঠশিল্পী কৈলাশ খেৰ সন্দৰ্ভত লাভলীনাই কয় যে তেওঁ পূৰ্বৰে পৰাই কৈলাশ খেৰৰ কণ্ঠত গান শুনিছিল, তেতিয়াই তেও কণ্ঠশিল্পীগৰাকীক এবাৰ লগ কৰাৰ ইচ্ছা কৰিছিল। সেই ইচ্ছা পূৰণ হোৱাত সুখী বুলি মন্তব্য কৰে লাভলীনাই।

আনহাতে অলিম্পিকৰ বাবে নিজকে সাজু কৰি অন্যান্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ লাভলীনাই প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এছিয়ান গেমছ বা অন্য প্ৰতিযোগিতাসমূহত তেওঁ নিজকে জুখি যোৱাৰ সুযোগ পাব।

ইফালে কণ্ঠশিল্পী কৈলাশ খেৰে মহিলা সশক্তিকৰণ অনুষ্ঠানটোত লাভলনীৰ কাষত বহি কয় যে এই দেশত প্ৰথমে দেৱীকেই পূজা-অৰ্চনা কৰা হয়। এনে ক্ষেত্ৰত মহিলা আগবাঢ়ি যাব লাগিব আৰু লাভলীনাৰ দৰে নাৰীয়ে এয়া কৰি দেখুৱাইছে।

নতুন দিল্লীত আয়োজিত Women Transforming India Awards 2021ত মুখ্য অতিথি ৰূপত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *