ৰাষ্ট্ৰীয়অসমীয়া

ৰহস্যজনক অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল শিশু-মহিলাসহ ১২ জনৰ

নিউজ ডেস্ক। ৰাজনৈতিক অস্থিৰতাই পুনৰ উত্তাল কৰি তুলিছে পশ্চিমবংগৰ বীৰভূমৰ ৰামপুৰহাট।

নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ৰামপুৰহাটৰ বাগটুই গাঁৱত কোনো দুৰ্বৃত্তই কেইবাটাও বাসগৃহ জ্বলাই দিয়াত মৃত্যু ঘটে কেইবাজনো লোকৰ।

এই ঘটনাক লৈ উত্তাল হৈ পৰিছে ৰামপুৰহাট।

বাতৰি অনুসৰি, ক্ষুব্ধ ৰাইজে গাঁওখনত আৰক্ষীৰ প্ৰৱেশতো বাধা প্ৰদান কৰিছে।

p2 13

উপ-প্ৰধান ভাদু শ্বেখ

ইফালে ঘটনাৰ গুৰুত্ব অনুভৱ কৰি ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিমে হেলিকপ্টাৰ যোগে কলকাতাৰ পৰা বীৰভূমলৈ ৰাওনা হৈছে।

জানিব পৰা মতে, সোমবাৰে নিশা বৰশাল পঞ্চায়তৰ উপ-প্ৰধানৰ হত্যাৰ পিছতে গাঁওখনত বৃদ্ধি পাই অস্থিৰতাই। নিশা গাওঁখনৰ কেইবাটাও ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত মৃত্যু ঘটে কেইবাজনো লোকৰ।

স্থানীয় সূত্ৰ অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত ১২ জন লোকৰ মৃত্যু ঘটিছে। মৃতকৰ ভিতৰৰ অধিকাংশই মহিলা হোৱাৰ বিপৰীতে দুটি শিশুও আছে।

p1 19

উল্লেখ্য যে, ১ নং ৰামপুৰহাট খণ্ডৰ বৰচাল গাঁৱৰ উপ-প্ৰধান ভাদু শ্বেখৰ সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত এটা বোমা বিস্ফোৰণত মৃত্যু ঘটে।

ইয়াৰ পিছতে গাঁওখনত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

নিশা অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গাঁওখনত আৰক্ষী মোতায়েন কৰা হয় যদিও তাৰ মাজতে চাৰিটাকৈ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। যাৰ ফলত একেটা পৰিয়ালৰ ৭ সদস্যসহ ১২ জন লোকৰ মৃত্যু ঘটে।

পুৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী গাঁওখনত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।

উল্লেখ্য যে, বিগত কেইবা মাহ ধৰি ৰামপুৰহাটৰ এই অঞ্চলটোত ৰাজনৈতিক উত্তেজনা অব্যাহত আছে।

প্ৰায় ৮ মাহ পূৰ্বে ভাদু শ্বেখৰ ভাতৃকো ঘৰলৈ আহি থকাৰ পথত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। তাৰ পিছতে এইবাৰ তৃণমূলৰ উপ-প্ৰধানক হত্যা কৰে দুৰ্বৃত্তই। আৰু তাৰ ঠিক পিছতে, গাওঁখনত সংঘটিত অগ্নিকাণ্ডই অগ্নিগৰ্ভ কৰি তুলিছে ৰামপুৰহাট।

ইফালে, কলকাতাৰ এটা তদন্তকাৰী দল ৰামপুৰহাটৰ বাগটুই গাঁৱলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি, চিআইডিৰ দলো গাঁওখনলৈ গৈ তদন্ত আৰম্ভ কৰিছে। জিলা আৰক্ষী অধীক্ষক নগেন্দ্ৰ ত্ৰিপাঠী ঘটনাস্থলীত উপস্থিত হৈছে।

ইফালে, ৰামপুৰহাটৰ এই ঘটনাত বিজেপি আৰু তৃণমূলৰ মাজত তীব্ৰ বিভেদ সৃষ্টি হৈছে।

সমগ্ৰ ঘটনাক লৈ তৃণমূল কংগ্ৰেছে বিজেপিক দোষাৰোপ কৰাৰ বিপৰীতে বিজপিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী তুলিছে।

বিজেপিৰ অভিযোগ অনুসৰি, ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ পৰিণতিতে এনে ঘটনা সংঘটিত হ’বলৈ ধৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *