নিউজ ডেস্ক। শনিবাৰে বন্ধুুৰ বিয়া। শুকুৰবাৰে ঘৰলৈ যোৱাৰ কথা আছিল তেওঁৰ।
ইতিমধ্যেই লৈ থৈছিল ছুটী। কিন্তু পুৱাৰ সেই শোকাবহ ঘটনাই নমাই আনিলে দুখৰ বন্যা।
শুকুৰবাৰে পুৱা মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত সংঘটিত হয় এই শোকাবহ ঘটনা।

পুৱা প্ৰায় ৫.৩০ বজাত কৰ্তব্যৰত হোমগাৰ্ডে শুই থকা যান বাহন আৰক্ষীৰ জোৱান বিপ্লৱ কুমাৰ সিংহক জগাবলৈ চেষ্টা কৰে। কিন্তু শোৱাপাটিতে মৃত্যুৰ শীতৰ কোলাত শুই পৰা বিপ্লৱ কুমাৰ সিংহই আৰু কেতিয়াও সাৰ নাপালে।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰখোলাৰ নিৱাসী ৩১ বছৰীয়া বিপ্লৱ কুমাৰ সিংহ ২০১৫ চনৰ পৰা অসম আৰক্ষীৰ যান বাহন শাখাত কৰ্তব্যৰত আছিল।

কৰ্তব্যলৈ অহাৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰায় ২০ মিনিট সময় তেওঁ জু ৰোডত এটা মোবাইল চোৰৰ পিছা কৰিছিল। অৱশ্যে তেওঁ খেদি খেদিও ধৰিব পৰা নাছিল মোবাইল চোৰটোক।
সুন্দৰ, সুস্বাস্থ্যৰ অধিকাৰী যুৱকজনৰ থানাৰ ভিতৰতে সংঘটিত মৃত্যুৱে এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।
এটি ৮ বছৰীয়া কন্যা সন্তানৰ পিতৃ বিপ্লৱ কুমাৰ সিংহৰ মৃত্যুৱে শোকৰ বন্যা নমাইছে অভয়াপুৰীতো।
অতি নিষ্ঠাবান, সাহসী আৰক্ষী জোৱানজনৰ মৃত্যু কিদৰে সংঘটিত হ’ল, তাৰ তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকেও।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি তেওঁ বন্ধুৰ বিয়াৰ বাবে ছুটী লৈছিল। পুৱা ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিভাগীয় অনুষ্ঠানৰ পূৰ্বে শোৱাপাটিৰ পৰা তেওঁক জগাই দিবলৈ গৈছিল সেই সময়ত দায়িত্বত থকা হোমগাৰ্ড গৰাকীয়ে। কিন্তু মৃত্যুৰ শীতল কোলাত শুই পৰা জোৱানজন সাৰ নোপোৱাত থানাৰ ভিতৰত হাহাকাৰ লাগে।
ভঙাগড় আৰক্ষী থানাৰ যান-বাহন শাখাৰ আৰক্ষী জোৱান বিপ্লৱ কুমাৰ সিংহৰ এই মৃত্যুক সহজ ভাৱে ল’ব পৰা নাই তেওঁৰ সতীৰ্থ জোৱানসকলেও।
বিনম্ৰ স্বভাৱৰ জোৱানজনৰ এনে অপ্ৰত্যাশিত মৃত্যুৱে শোকস্তব্ধ কৰিছে থানাখনৰ প্ৰতিগৰাকী আৰক্ষী বিষয়া আৰু জোৱানক।
লগতে চাওকঃ
স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু

এইবাৰ আলফা স্বাধীনত যোগদান উজনি অসমৰ সুদক্ষ ফুটবলাৰৰ










