৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

নিউজ ডেস্ক। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

ভয়ংকৰ পথ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে অন্য দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নোনাপাৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো।

227
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন... 3

জানিব পৰা মতে, গুৱাহাটী অভিমুখী এএছ-০১এমচি-৯৬৭২ নম্বৰৰ এখন ব্ৰয়লাৰ ভৰ্তি বাহনে নোনা নৈৰ ওপৰত থকা দলঙৰ ৰেলিঙত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। যাৰ ফলত সম্পুৰ্ণৰূপে চুৰ্ণ-বিচূৰ্ণ হয় বাহনখন।

এই দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বাহনখনৰ ভিতৰৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰে যদিও উদ্ধাৰ কৰে যদিও এজন লোকৰ থিতাতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অন্য দুজন লোকক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমানলৈ তিনিওজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

অভাৰলােড! বালি ভৰ্তি ডাম্পাৰৰ বাবে বিধ্বস্ত নতুনকৈ নিৰ্মাণ কৰা কাঠৰ দলং

photo 2022 03 11 12 18 18
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন... 4

Leave a Comment