কংগ্ৰেছ এতিয়া ৰোগাক্রান্ত! কংগ্ৰেছৰ ৰোগ কেতিয়াও ভাল নহয়…

নিউজ ডেস্ক। কংগ্ৰেছ এতিয়া ৰোগাক্রান্ত। ৰোগাক্রান্ত লোকক বেয়াকৈ ক’ব নাপায়। কংগ্ৰেছৰ বেমাৰ কেতিয়াও ভাল নহয়।

—এই মন্তব্য ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ।

সদ্যঘােষিত পৌৰসভা আৰু মাজুলীৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ দলৰ শােচনীয় পৰাজয়ৰ পিছতে এনেদৰে কটাক্ষ কৰে ৰাভাই।

G2 16
কংগ্ৰেছ এতিয়া ৰোগাক্রান্ত! কংগ্ৰেছৰ ৰোগ কেতিয়াও ভাল নহয়... 2

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ মাকৰিত তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ বাবেই আজি বিজেপিৰ জয়জয় ময়ময় অৱস্থা অসমত।

তেওঁ লগতে দৃঢ়তাৰে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ ভূমিকা তথা নিৰলস কাম-কাজৰ বাবেই বিজেপিক ইমান মৰম দি আহিছে অসমবাসীয়ে।

বিজেপি যে অসমবাসীৰ হৃদয়ত আছে, সেয়া পৌৰসভা নিৰ্বাচনৰ ফলাফলত প্ৰমাণ হৈ গৈছে।

Leave a Comment