মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা।
শোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ।
যান-বাহন আৰক্ষীজন হৈছে বিপ্লৱ সিনহা।
যান-বাহন নিয়ন্ত্ৰণ শাখাৰ জােৱান আছিল সিনহা।
বৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱ।
কিন্তু শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱক।
এটি ৮ বছৰীয়া কণমানিও আছে মৃত বিপ্লৱৰ।
জানিব পৰা মতে, জােৱানজনৰ ঘৰ গােৱালপাৰা জিলাত।
মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ আঁৰৰ ৰহস্য।









